নৰসিংহ পাতৰ সৈতে কুকুৰাৰ মাংস
উপকৰণ
- কুকুৰাৰ মাংস- ৩০০ গ্ৰাম
- ১ টা ডাঙৰ আলু
- ১ কাপ নৰসিংহৰ পাত বটা
- ৩ চাহ চামুচ সৰিয়হ তেল
- ২ টা কুটা পিয়াঁজ
- ২ চাহ চামুচ আদা-নহৰু বটা
- নিমখ সোৱাদ অনুসৰি
- ১/২ চাহ চামুচ হালধি গুড়ি
- ১/২ চাহ চামুচ জিৰা গুড়ি
- ৩ টা কেঁচা জলকীয়া
- এচিকুট চেনি
প্ৰস্তুত প্ৰণালী
এটা কেৰাহীত সৰিয়হ তেল গৰম হব দিয়ক। তেলত এচিকুট চেনি আৰু সৰু সৰুকৈ কাটি থোৱা পিয়াজখিনি সামান্য ভাজক। আদা-নহৰু বটাখিনি দি একেলগে ৰঙচুৱা হোৱালৈকে অলপ ভাজক।১/২ চাহ চামুচ হালধি গুড়ি আৰু ১/২ চাহ চামুচ জিৰা গুড়ি দিয়ক। এতিয়া কুকুৰাৰ মাংস আৰু কাটি থোৱা আলুখিনি দি মধ্যমীয়া জুইত ৫ মিনিট ভাজি নিমখ দি আকৌ ৫ মিনিটমান ভাজক। কেঁচা জলকীয়া দি ঢাকোন মাৰি কম জুইত ভাজক। মাংস আৰু আলু সিজিলে ১ কাপ নৰসিংহৰ পাত বটা দি ভালদৰে লৰাই ভাজক। এতিয়া অলপ পানী দি উতলিবলৈ দিয়ক। অলপ সময় উতলাৰ পাছত গৰমে গৰমে পৰিৱেশন কৰক।
|