আলুৰ সৈতে মুৰ্গীৰ মাংসৰ জোল

 

মুৰ্গীৰ মাংসৰ জোল, Chicken Curry

                                                                                            আলুৰ সৈতে মুৰ্গীৰ মাংসৰ জোল


উপকৰণঃ

  • ৫০০ গ্ৰাম মুৰ্গীৰ মাংস/চিকেন
  • ২ চা চামুচ পিচা আদা নহৰু
  • আধা কাপ দৈ
  • ২ টা ডাঙৰ আলু, টুকুৰা কৰা
  • ৩ টেবুল চামুচ তেল
  • ২ টা তেজপাত
  • ২ টা শুকান জলকীয়া
  • এটা ডাঙৰ পিঁয়াজ, কুটা
  • একাপ পিচা পিঁয়াজ 
  • ১ চা চামুচ জিৰা গুড়ি
  • ১ চা চামুচ হালধি গুড়ি
  • ১ চা চামুচ ধনিয়া গুড়ি
  • আধা চা চামুচ ৰঙা জলকীয়া গুড়ি
  • ১ চা চামুচ কাশ্মীৰী জলকীয়া গুড়ি
  • আধা চা চামুচ গৰম মচলা গুড়ি
  • সোৱাদ অনুসৰি নিমখ


প্ৰণালীঃ

প্ৰথমতে মুৰ্গীৰ মাংসখিনিত ১ চা চামুচ পিচা আদা নহৰু, নিমখ, আধা চা চামুচ জিৰা গুড়ি, আধা চা চামুচ হালধি গুড়ি, আধা চা চামুচ ৰঙা জলকীয়া গুড়ি, আধা কাপ দৈৰ সৈতে ৩০ মিনিটৰ বাবে মেৰিনেট কৰি ৰাখক। এতিয়া কেৰাহীত  তেল গৰম কৰক আৰু তেজপাত, শুকান জলকীয়া, কুটা পিয়াজখিনি দি সোণালী ৰং হোৱালৈকে ভাজক। ১ চা চামুচ পিচা আদা-নহৰু আৰু একাপ পিচা পিঁয়াজ দি ৫ মিনিটৰ বাবে ভাজক। ১ চা চামুচ ধনিয়া গুড়ি, আধা  চা চামুচ জিৰা গুড়ি, আধা চা চামুচ হালধি গুড়ি, ১ চা চামুচ কাশ্মীৰী ৰঙা জলকীয়া গুড়ি দিয়ক আৰু মচলাৰ পৰা তেল পৃথক হোৱালৈকে ভাজক। এতিয়া মেৰিনেট কৰি ৰখা মুৰ্গীৰ মাংসখিনি দিয়ক আৰু অলপ সময় ভালদৰে ভাজক । আলুৰ টুকুৰাবোৰ দিয়ক আৰু ছয়ৰ পৰা দহ মিনিটৰ বাবে  ভাজক। এতিয়া দুগিলাছ পানী দি লৰাই ঢাকোন মাৰি সিজিবলৈ দিব । মাংস আৰু আলু ভালকৈ সিজিলে আধা চা চামুচ গৰম মচলা গুড়ি দি লৰাই জুইৰ পৰা কেৰাহীখন নমাই থব ।

এই ৰেচিপিটো গৰম ভাত বা ৰুটিৰ সৈতে পৰিৱেশন কৰক।



তেল পিঠা

 

tel pitha
                                                                  তেল পিঠা

                                                                   

তেল পিঠা হৈছে অসমীয়া উৎসৱ বহাগ বিহু আৰু মাঘ বিহু বা ভোগালী বিহুত প্ৰস্তুত কৰা অসমৰ এক বিখ্যাত পৰম্পৰাগত পিঠা। ই হৈছে অসমীয়া বিহু থালিৰ এটা অপৰিহাৰ্য অংশ। তেল পিঠা নিয়মীয়া ঘৰুৱা জলপান হিচাপেও প্ৰস্তুত কৰা হয় আৰু চাহৰ সৈতে পৰিৱেশন কৰা হয়। অতি কম উপাদানেৰে অতি সহজে ইয়াক প্ৰস্তুত কৰিব পাৰি ।

উপকৰণ ঃ

  • চাউলৰ গুড়ি - ২ কাপ 
  • ময়দা - ২ চামুচ 
  • নিমখ - চা চামুচৰ চাৰি ভাগৰ এভাগ
  • বেকিং চডা - চা চামুচৰ চাৰি ভাগৰ এভাগ
  • চফ - ১ চা চামুচ 
  • গুড়(গলাই লোৱা) - আধা কাপ 
  • পানী -পৰিমাণ অনুসৰি
  • তেল(ভাজিবলৈ) - ২ কাপ 

প্ৰণালী ঃ

ডাঙৰ বাতি এটাত সকলো উপাদান একেলগে ভালদৰে মিহলি কৰক আৰু অলপ ডাঠ মিশ্ৰণ এটা বনাওক। এটা কেৰাহী লওঁক আৰু তেল গৰম হবলৈ দিয়ক। এখন ঘূৰণীয়া চামুচ লওঁক আৰু তেলত বনাই ৰখা মিশ্ৰণ দিয়ক আৰু দুয়োফালৰ পৰা ৰঙচুৱা হোৱালৈ  ভালদৰে ভাজক। চাহৰ সৈতে পৰিৱেশন কৰক।





Vegetable Name in Assamese

Vegetables

Here is a list of leafy and non-leafy vegetables used in Assamese cuisine along with their English names.

                 Assamese name - English name

  1. ওলকবি (Oolkobi) - Kohlrabi 
  2. ভাত কেৰেলা (Bhat kerela) - Teasel gourd 
  3. তিতা কেৰেলা (Tita kerela) - Bitter gourd 
  4. কোমোৰা (Kumura) - Ash gourd 
  5. ভোল (Bhul) - Sponge gourd 
  6. ধুন্দুলী (Dhunduli) - Snake gourd 
  7. জিকা (Zika) - Ridge gourd 
  8. কুন্দুলী (Kunduli) - Ivy gourd 
  9. জাতিলাওঁ বা পানীলাওঁ (Jatilao) - Bottle gourd 
  10. স্কচ্ (Squash) - Chayote squash 
  11. পটল (Potol) - Pointed gourd 
  12. কাঠ আলু (Kath aloo) - Yam
  13. ব্ৰক্ষ্মী শাক (Brahmi xaak) - Bacopa monmieri
  14. পালেং শাক (Paleng xaak)- Spinach
  15. লাই শাক (Lai xaak)- Mustard green 
  16. ঢেকীয়া (Dhekia) - Fiddlehead ferns 
  17. লফা শাক (Lofa xaak) - Chinese mellow  
  18. চুকা শাক (Suka xaak) - Spinach dock
  19. মচন্দৰি (Mosondori) - Heart leaf 
  20. ভেদাইলতা (Bhedai lota) - Skunk vine 
  21. মান ধনিয়া (Maan-dhania) - Long coriander
  22. খুতুৰা (Khutura) - Green amaranth 
  23. পূৰ্ণনভা শাক (Purnonova xaak) - Dichondra 
  24. সৰিয়হ শাক (Horiyoh xaak) -  Mustard plant 
  25. মিথি শাক (Meethi xaak) - Fenugreek greens
  26. কলমৌ (Kolmou) - Water spinach 
  27. জিলমিল (Zilmil) - White goosefoot 
  28. মৰিচা (Moricha) - Amaranth 
  29. দোৰোণ শাক (Doroon xaak) -  Lucas aspera
  30. মধুসোলেং (Modhuxulung) -  Polygonum microcephalum
  31. পিৰালী পালেং (Pirali palang) - Ceylon Spinach, Water leaf
  32. পনৌনৱা (Ponounova) - tar vine
  33. শুকলতি (Xukloti) - Patchouli 
  34. দূপৰ টেঙা (Dupor Tenga) - .Kalanchoe pinnata
  35. হেলচি শাক (Helosi ) - Buffalo spinach, Helancha
  36. ভেকুৰী (Bhekuri) - Indian nightshade 
  37. টেঙেচি (Tangasi) - Oxalis corniculata
  38. টেঙামৰা (Tengamora) - Roselle 
  39. চেংমৰা (Chengmora) - Lasia Spinosa 
  40. নল টেঙা (Nol-tenga) - Indian chestnut vine 
  41. নৰসিংহ (Noroxingho) - Curry leaf
  42. বাবৰি শাক (Babori xaak) - Crown daisy 
  43. বৰ-মানিমুনি (Bor-manimuni) - Asiatic pennywort 
  44. চজিনা (Sojina) - Drumstick 
  45. পচলা (Posola) - Banana shoots 
  46. কলডিল (Koldil) - Banana flower 
  47. কচু (Kosu) - Taro / colocasia 
  48. বাহঁগাজ (Bahgaj) - Bamboo shoots 
  49. বেতগাজ (Betgaj) - Rattan shoots 
  50. কণ বিলাহী (Kon bilahi) - Cheery tomato