আলুৰ সৈতে মুৰ্গীৰ মাংসৰ জোল
উপকৰণঃ
- ৫০০ গ্ৰাম মুৰ্গীৰ মাংস/চিকেন
- ২ চা চামুচ পিচা আদা নহৰু
- আধা কাপ দৈ
- ২ টা ডাঙৰ আলু, টুকুৰা কৰা
- ৩ টেবুল চামুচ তেল
- ২ টা তেজপাত
- ২ টা শুকান জলকীয়া
- এটা ডাঙৰ পিঁয়াজ, কুটা
- একাপ পিচা পিঁয়াজ
- ১ চা চামুচ জিৰা গুড়ি
- ১ চা চামুচ হালধি গুড়ি
- ১ চা চামুচ ধনিয়া গুড়ি
- আধা চা চামুচ ৰঙা জলকীয়া গুড়ি
- ১ চা চামুচ কাশ্মীৰী জলকীয়া গুড়ি
- আধা চা চামুচ গৰম মচলা গুড়ি
- সোৱাদ অনুসৰি নিমখ
প্ৰণালীঃ
প্ৰথমতে মুৰ্গীৰ মাংসখিনিত ১ চা চামুচ পিচা আদা নহৰু, নিমখ, আধা চা চামুচ জিৰা গুড়ি, আধা চা চামুচ হালধি গুড়ি, আধা চা চামুচ ৰঙা জলকীয়া গুড়ি, আধা কাপ দৈৰ সৈতে ৩০ মিনিটৰ বাবে মেৰিনেট কৰি ৰাখক। এতিয়া কেৰাহীত তেল গৰম কৰক আৰু তেজপাত, শুকান জলকীয়া, কুটা পিয়াজখিনি দি সোণালী ৰং হোৱালৈকে ভাজক। ১ চা চামুচ পিচা আদা-নহৰু আৰু একাপ পিচা পিঁয়াজ দি ৫ মিনিটৰ বাবে ভাজক। ১ চা চামুচ ধনিয়া গুড়ি, আধা চা চামুচ জিৰা গুড়ি, আধা চা চামুচ হালধি গুড়ি, ১ চা চামুচ কাশ্মীৰী ৰঙা জলকীয়া গুড়ি দিয়ক আৰু মচলাৰ পৰা তেল পৃথক হোৱালৈকে ভাজক। এতিয়া মেৰিনেট কৰি ৰখা মুৰ্গীৰ মাংসখিনি দিয়ক আৰু অলপ সময় ভালদৰে ভাজক । আলুৰ টুকুৰাবোৰ দিয়ক আৰু ছয়ৰ পৰা দহ মিনিটৰ বাবে ভাজক। এতিয়া দুগিলাছ পানী দি লৰাই ঢাকোন মাৰি সিজিবলৈ দিব । মাংস আৰু আলু ভালকৈ সিজিলে আধা চা চামুচ গৰম মচলা গুড়ি দি লৰাই জুইৰ পৰা কেৰাহীখন নমাই থব ।
এই ৰেচিপিটো গৰম ভাত বা ৰুটিৰ সৈতে পৰিৱেশন কৰক।
No comments:
Post a Comment
Barasha's Kitchen