চুলিৰ যতনৰ বাবে মেথি গুটি ব্যৱহাৰ কৰাৰ ৫ টা পদ্ধতি


 মাত্ৰ কেইটামান মেথি গুটিৰেই চুলি সুস্থ আৰু সুন্দৰ হব। কোনো সামগ্ৰী পৃথকে প্ৰয়োগ কৰাৰ প্ৰয়োজন নাই। চুলিবোৰ বহুত ক্ষতিগ্ৰস্ত হৈছে নেকি ? ইয়াৰ সমাধান এটাহে আছে। সেইটো হ’ল মেথি। চুলি সুস্থ কৰি ৰাখিবলৈ মেথিৰ নাম শুনা গৈছে। কিন্তু কেনেকৈ ব্যৱহাৰ কৰিব ? সেইটোৱেই আপুনি ভাবে ? 

মেথি গুটিৰ তেলে গোটেই বছৰটো আপোনাৰ চুলি সুস্থ কৰি ৰাখিব

যদি মেথি গুটিৰ তেল গোটেই বছৰটো চুলিত লগোৱা যায়, তেন্তে চুলিৰ বাবে আৰু একো কৰাৰ প্ৰয়োজন নাথাকে। মেথিয়ে চুলিখিনিৰ যতন লব। মেথি গুটিৰ তেলে চুলি সৰা বন্ধ কৰিব আৰু চুলিৰ গুৰি শক্তিশালী কৰি ৰাখিব। ই অকালতে চুলি পকাও ৰোধ কৰিব।

সামগ্ৰীসমূহ:

২ৰ পৰা ৩ চামুচ নাৰিকলৰ তেল

২ চামুচ মেথি গুটি 

পদ্ধতি:

নাৰিকলৰ তেলখিনিত মেথি গুটি দি ভালদৰে গৰম কৰি লব। যেতিয়া মেথি গুটি আৰু তেল বাদামী ৰঙৰ হব, তেতিয়া ইয়াক আঁতৰাই ঠাণ্ডা হব দিব। তেলখিনি অলপ ঠাণ্ডা হ’লে মূৰৰ ছালত লগাই লাহে লাহে মালিচ কৰিব। বহুত বেছি গৰম তেলেৰে মালিচ নকৰিব। বেছিকৈ হেঁচা প্ৰয়োগ কৰি মূৰৰ ছালখন মালিচ নকৰিব। ইয়াৰ ফলত অধিক চুলি সৰিব পাৰে। সপ্তাহত দুবাৰকৈ এই তেল লগালে চুলি সৰাৰ সমস্যা বন্ধ হব।

সপ্তাহত এবাৰ মেথিৰ সৈতে কণী

চুলি সুস্থ কৰি ৰাখিবলৈও ই এক অতি উত্তম উপায়। কাৰণ মেথি আৰু কণীয়ে চুলিৰ গুৰি শক্তিশালী কৰে আৰু চুলি সৰা নিয়ন্ত্ৰণ কৰে। যদি মূৰৰ ছালখন অতি শুকান হয় তেন্তে এই পেকে বহুত ভাল কাম কৰিব। ই মূৰৰ ছালৰ অত্যধিক শুকানতা নিয়ন্ত্ৰণ কৰিব। ই চুলিখিনি চিকচিকিয়া কৰি তুলিব।

সামগ্ৰীসমূহ:

আধা কাপ মেথি গুটি

এটা বা দুটা কণীৰ বগা অংশ

পদ্ধতি:

আগনিশা মেথি গুটি তিয়াই থব। পিছদিনা ৰাতিপুৱা যেতিয়া কোমল হ’ব তেতিয়া পেষ্ট বনাই লব। এতিয়া ইয়াৰ লগত এটা কণীৰ বগা অংশ ভালদৰে মিহলাই লওক। এতিয়া এই পেষ্টটো মূৰৰ ছালৰ লগতে গোটেই চুলিত লগাব। আধা ঘণ্টা ৰাখিব। তাৰ পিছত মৃদু চেম্পু এটাৰে চেম্পু কৰিব। সপ্তাহত এদিন লগালে ভাল।

কেৱল মেথি গুটিয়েই চুলি ঘণ কৰিবলৈ যথেষ্ট

পেক বনাবলৈ বা মেথিৰে তেল বনাবলৈ সময় নাই ? তেনেহলে কেৱল মেথি ব্যৱহাৰ কৰক। এই পেকে চুলি সৰা ৰোধ কৰে আৰু চুলি গজাত সহায় কৰি চুলি ঘন কৰে।

সামগ্ৰীসমূহ:

আধা কাপ মেথি গুটি

পদ্ধতি:

মেথিৰ গুটিবোৰ ৰাতিটো পানীত তিয়াই থব। তাৰ পিছত ৰাতিপুৱা পেষ্ট বনাই লব। এতিয়া এই পেষ্টটো মূৰৰ ছালত লগাব। আধা ঘণ্টাৰ অলপ বেছি সময় ৰাখিব। তাৰ পিছত মৃদু চেম্পু এটাৰে চেম্পু কৰিব। সপ্তাহত দুবাৰ লগাব পাৰিলে ভাল। কিন্তু যদি সময় নাই তেন্তে এবাৰ লগালেও কাম কৰিব।

উফি কমাবলৈ মেথি গুটি

চুলিৰ অন্যান্য সমস্যা সমাধান কৰাৰ লগতে মেথি গুটিয়ে উফিৰ দৰে বিৰক্তিকৰ সমস্যাৰ এক সুন্দৰ সমাধানো দিয়ে।

সামগ্ৰীসমূহ:

মেথিৰ গুটি ৪ৰ পৰা ৫ চামুচ 

৪ চামুচ দৈ

পদ্ধতি:

মেথি গুটিবোৰ ৰাতিটো তিয়াই থব। পিছদিনা ৰাতিপুৱা কোমল হ’লে মেথি গুটিৰ পেষ্ট বনাই লব। এতিয়া তাত দৈ মিহলাই লব। এটা ভাল পেষ্ট বনাই মূৰৰ ছালত লগাই ২০ৰ পৰা ২৫ মিনিট ৰাখিব। তাৰ পিছত মৃদু চেম্পু এটাৰে চেম্পু কৰিব। যদি আপোনাৰ বহুত উফিৰ সমস্যা আছে তেন্তে সপ্তাহত তিনিদিন ব্যৱহাৰ কৰক। তেতিয়া আপুনি সোনকালে সুফল পাব।

তেলীয়া চুলিৰ সমাধান

মূৰৰ ছালখন বেছি তেলীয়া নেকি? তেন্তে মেথি আৰু আপেল ভিনেগাৰ ব্যৱহাৰ কৰি ইয়াৰ পৰা মুক্তি পাওক।

সামগ্ৰীসমূহ:

২ চামুচ মেথি গুটি 

২ চামুচ আপেল চাইডাৰ ভিনেগাৰ

পদ্ধতি:

মেথিৰ গুটি আগনিশা তিয়াই থব। চুলি বেছি হ’লে উপাদানৰ পৰিমাণ বৃদ্ধি কৰিব। পিছদিনা ৰাতিপুৱা মেথিৰ পেষ্ট এটা বনাই লব। এই পেষ্টত আপেল চাইডাৰ ভিনেগাৰ মিহলাই লব। এতিয়া এই পেষ্টটো গোটেই চুলিত ভালদৰে লগাই ১৫ৰ পৰা ২০ মিনিট ৰাখি চেম্পু কৰি লব। মাইল্ড চেম্পু ভাল কাৰণ বেছি ক্ৰীমযুক্ত চেম্পুৱে মূৰৰ ছালখন অধিক তেলীয়া কৰি তুলিব পাৰে।

আজিৰে পৰা আৰম্ভ কৰক। বেছিকৈ ব্যৱহাৰ নকৰিব, এমাহৰ পিছত চুলিত পাৰ্থক্য দেখা পাব।

No comments:

Post a Comment

Barasha's Kitchen