নৰসিংহ পাতৰ সৈতে কুকুৰাৰ মাংস


নৰসিংহ পাতৰ সৈতে কুকুৰাৰ মাংস
নৰসিংহ পাতৰ সৈতে কুকুৰাৰ মাংস


উপকৰণ

  • কুকুৰাৰ মাংস- ৩০০ গ্ৰাম
  • ১ টা ডাঙৰ আলু
  • ১ কাপ নৰসিংহৰ পাত বটা
  • ৩ চাহ চামুচ সৰিয়হ তেল
  • ২ টা কুটা পিয়াঁজ
  • ২ চাহ চামুচ আদা-নহৰু বটা
  • নিমখ সোৱাদ অনুসৰি 
  • ১/২ চাহ চামুচ হালধি গুড়ি
  • ১/২ চাহ চামুচ জিৰা গুড়ি
  • ৩ টা  কেঁচা জলকীয়া
  • এচিকুট চেনি
প্ৰস্তুত প্ৰণালী

এটা কেৰাহীত সৰিয়হ তেল গৰম হব দিয়ক। তেলত এচিকুট চেনি আৰু সৰু সৰুকৈ কাটি থোৱা পিয়াজখিনি সামান্য ভাজক। আদা-নহৰু বটাখিনি দি একেলগে ৰঙচুৱা হোৱালৈকে অলপ ভাজক।১/২ চাহ চামুচ হালধি গুড়ি আৰু ১/২ চাহ চামুচ জিৰা গুড়ি দিয়ক। এতিয়া কুকুৰাৰ মাংস আৰু কাটি থোৱা আলুখিনি দি মধ্যমীয়া জুইত ৫ মিনিট ভাজি নিমখ দি আকৌ ৫ মিনিটমান ভাজক। কেঁচা জলকীয়া দি ঢাকোন মাৰি কম জুইত ভাজক। মাংস আৰু আলু সিজিলে ১ কাপ নৰসিংহৰ পাত বটা দি ভালদৰে লৰাই ভাজক। এতিয়া অলপ পানী দি উতলিবলৈ দিয়ক। অলপ সময় উতলাৰ পাছত গৰমে গৰমে পৰিৱেশন কৰক।






No comments:

Post a Comment

Barasha's Kitchen