বহুতো ব্যক্তিয়ে খোৱাৰ আগতে বাদাম, বিশেষকৈ কাঠবাদাম তিয়াই ৰাখে। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে কিয়? কাৰণ কাঠবাদামৰ দৰে বাদাম শৰীৰৰ বাবে হজম কৰাতো কঠিন হ'ব পাৰে, আৰু সেইবাবে খোৱাৰ আগতে তিয়াই ৰাখিব লাগে।
কাঠবাদামৰ গুণগুণ
কাঠবাদাম নৰা বগৰী ফলৰ পৰিয়ালৰ সৈতে জৰিত। কাঠবাদাম সম্ভৱতঃ আটাইতকৈ পুষ্টিকৰ বাদামৰ ভিতৰত এটা। ইয়াত মনোআনচেচুৰেটেড চৰ্বি থাকে যি এলডিএল কলেষ্ট্ৰল('বেয়া'' কলেষ্ট্ৰল) হ্ৰাস কৰে বুলি জনা যায় । কাঠবাদাম হৈছে এক প্ৰ'টিন উৎস যি ৰক্ত শৰ্কৰা, নিম্ন ৰক্তচাপ, আৰু লগতে এণ্টিঅক্সিডেণ্ট গুণাগুণৰ এক সমৃদ্ধ উৎসৰ সন্তুলন তৈয়াৰ কৰাত সহায় কৰে। কাঠবাদাম প্ৰ'টিন, আঁহ, ভিটামিন ই, অমেগা-3, অমেগা-6, মেগনেছিয়াম, কেলচিয়াম, লো, পটাছিয়াম আৰু জিংক আদিৰ ও এক ভাল উৎস।
কাঠবাদামে স্মৃতি শক্তি বৃদ্ধি কৰাৰ উপৰিও মাংসপেশী সবল আৰু শক্তিশালী কৰাত সহায় কৰে।
এইকাৰণেই আপুনি আপোনাৰ ৰাতিপুৱাটো কাঠবাদামেৰে আৰম্ভ কৰা উচিত।
এজনলোকে কিমান সংখ্যক কাঠবাদাম খোৱা উচিত ?
প্ৰতিদিনে ৫-১০ টা কাঠবাদাম ৰাতিটো তিয়াই ৰাখি বাকলি এৰুৱাই খাব পাৰে ।
কাঠবাদাম কেনেদৰে খাব ?
কাঠবাদাম হালোৱা, পায়স, ওটচ্ আদিত দি খাব পাৰি । তাৰোপৰি ইয়াক প্ৰায় যিকোনো ব্যঞ্জনত যোগ দিব পাৰে। কিন্তু ৰাতিপুৱা ৰাতিপুৱাৰ আহাৰৰ সৈতে কাঠবাদাম খোৱাটো সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয়।
No comments:
Post a Comment
Barasha's Kitchen