শীতকালত চৰ্দি আৰু কাহে আমনি কৰিছে যদি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে এই উপাদানসমূহ ব্যৱহাৰ কৰক

 শীতকালত চৰ্দি আৰু কাহ স্থায়ী হয়। শীতকাল আহিলে ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়। চৰ্দি আৰু কাহৰ বিৰুদ্ধে যুঁজিবলৈ সৰ্বোত্তম উপায় হ’ল ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা। সেইটো কেনেকৈ কৰিব পাৰি তাৰ কিছুমান টিপছ আগবঢ়োৱা হ’ল। শীতকালত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ কথা আহিলে কিছুমান বিশেষ খাদ্য আছে যিয়ে সহায় কৰিব পাৰে।

চৰ্দি আৰু কাহৰ পৰা উপশম পোৱাৰ বাবে কিছুমান উত্তম খাদ্যৰ বিষয়ে তলত উল্লেখ কৰা হ’ল:

১) চিকেনৰ চুপ

chicken soup

চিকেনৰ চুপে শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণৰ লক্ষণসমূহ হ্ৰাস কৰাত ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছে। চুপৰ উষ্ণতাই সেঙুন ঢিলা কৰাত সহায় কৰে আৰু ইয়াক সহজে বাহিৰ কৰি দিয়ে।

২) নহৰু

garlic

নহৰুত এন্টিঅক্সিডেন্ট থাকে যিয়ে সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। ইয়াৰ উপৰিও ইয়াত এন্টি-ইনফ্লেমেটৰী গুণ আছে যিয়ে ডিঙিৰ বিষ শান্ত কৰাত সহায় কৰে। নহৰুত ভিটামিন চি, জিংক, আৰু ভিটামিন বি থাকে। শীতকালত দৈনিক নহৰু খালে চৰ্দি আৰু কাহৰ পৰা উপশম পাব পাৰি।

৩) আদা

ginger

আদা হৈছে এক প্ৰাকৃতিক পাচক যিয়ে পেট বেয়া হোৱাটোও নিষ্পত্তি কৰাত সহায় কৰিব পাৰে। ইয়াৰ উপৰিও ইয়াত এন্টি-ইনফ্লেমেটৰী গুণ আছে যিয়ে কনজেচন কমোৱাত সহায় কৰে। আদাত উপস্থিত থকা বিভিন্ন যৌগে শীতকালত বিভিন্ন শাৰীৰিক সমস্যাৰ পৰা সকাহ দিয়ে। তদুপৰি আদাই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিতো সহায় কৰে।

৪) হালধি



turmeric

হালধিত এন্টিঅক্সিডেন্ট থাকে। হালধিত থকা বিভিন্ন যৌগবোৰে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে আৰু এই উপাদানটোৱে শীতকালত বিভিন্ন শাৰীৰিক সমস্যাৰ পৰা উপশম ঘটায়।

৫) মৌ

honey

যুগ যুগ ধৰি মৌ প্ৰাকৃতিক ঔষধ হিচাপে ব্যৱহাৰ কৰা হৈছে আৰু ইয়াৰ কাৰণো আছে। ই কাহ কমোৱাত সহায় কৰে আৰু ইয়াৰ উপৰিও ইয়াৰ এন্টিবেক্টেৰিয়েল গুণে সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। 

৬) তুলসী

তুলসী

তুলসীত থকা বিভিন্ন যৌগই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু হাওঁফাওঁৰ সমস্যা নিৰাময় কৰে।

৭) টেঙা জাতীয় ফল

কমলা, নেমু,

কমলা, নেমু, গ্ৰেপফ্ৰুট আদি টেঙা জাতীয় ফল ভিটামিন চিৰে ভৰপূৰ, যিটো এটা শক্তিশালী এন্টিঅক্সিডেন্ট যিয়ে সংক্ৰমণৰ পৰা ৰক্ষা কৰাত সহায় কৰে। টেঙা জাতীয় ফলত পোৱা এন্টিঅক্সিডেন্টেও আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।

(এই লেখাটো কেৱল সাধাৰণ তথ্যৰ বাবেহে, গতিকে সবিশেষ জানিবলৈ সদায় বিশেষজ্ঞৰ পৰামৰ্শ লওক )

চুলিৰ যতনৰ বাবে মেথি গুটি ব্যৱহাৰ কৰাৰ ৫ টা পদ্ধতি


 মাত্ৰ কেইটামান মেথি গুটিৰেই চুলি সুস্থ আৰু সুন্দৰ হব। কোনো সামগ্ৰী পৃথকে প্ৰয়োগ কৰাৰ প্ৰয়োজন নাই। চুলিবোৰ বহুত ক্ষতিগ্ৰস্ত হৈছে নেকি ? ইয়াৰ সমাধান এটাহে আছে। সেইটো হ’ল মেথি। চুলি সুস্থ কৰি ৰাখিবলৈ মেথিৰ নাম শুনা গৈছে। কিন্তু কেনেকৈ ব্যৱহাৰ কৰিব ? সেইটোৱেই আপুনি ভাবে ? 

মেথি গুটিৰ তেলে গোটেই বছৰটো আপোনাৰ চুলি সুস্থ কৰি ৰাখিব

যদি মেথি গুটিৰ তেল গোটেই বছৰটো চুলিত লগোৱা যায়, তেন্তে চুলিৰ বাবে আৰু একো কৰাৰ প্ৰয়োজন নাথাকে। মেথিয়ে চুলিখিনিৰ যতন লব। মেথি গুটিৰ তেলে চুলি সৰা বন্ধ কৰিব আৰু চুলিৰ গুৰি শক্তিশালী কৰি ৰাখিব। ই অকালতে চুলি পকাও ৰোধ কৰিব।

সামগ্ৰীসমূহ:

২ৰ পৰা ৩ চামুচ নাৰিকলৰ তেল

২ চামুচ মেথি গুটি 

পদ্ধতি:

নাৰিকলৰ তেলখিনিত মেথি গুটি দি ভালদৰে গৰম কৰি লব। যেতিয়া মেথি গুটি আৰু তেল বাদামী ৰঙৰ হব, তেতিয়া ইয়াক আঁতৰাই ঠাণ্ডা হব দিব। তেলখিনি অলপ ঠাণ্ডা হ’লে মূৰৰ ছালত লগাই লাহে লাহে মালিচ কৰিব। বহুত বেছি গৰম তেলেৰে মালিচ নকৰিব। বেছিকৈ হেঁচা প্ৰয়োগ কৰি মূৰৰ ছালখন মালিচ নকৰিব। ইয়াৰ ফলত অধিক চুলি সৰিব পাৰে। সপ্তাহত দুবাৰকৈ এই তেল লগালে চুলি সৰাৰ সমস্যা বন্ধ হব।

সপ্তাহত এবাৰ মেথিৰ সৈতে কণী

চুলি সুস্থ কৰি ৰাখিবলৈও ই এক অতি উত্তম উপায়। কাৰণ মেথি আৰু কণীয়ে চুলিৰ গুৰি শক্তিশালী কৰে আৰু চুলি সৰা নিয়ন্ত্ৰণ কৰে। যদি মূৰৰ ছালখন অতি শুকান হয় তেন্তে এই পেকে বহুত ভাল কাম কৰিব। ই মূৰৰ ছালৰ অত্যধিক শুকানতা নিয়ন্ত্ৰণ কৰিব। ই চুলিখিনি চিকচিকিয়া কৰি তুলিব।

সামগ্ৰীসমূহ:

আধা কাপ মেথি গুটি

এটা বা দুটা কণীৰ বগা অংশ

পদ্ধতি:

আগনিশা মেথি গুটি তিয়াই থব। পিছদিনা ৰাতিপুৱা যেতিয়া কোমল হ’ব তেতিয়া পেষ্ট বনাই লব। এতিয়া ইয়াৰ লগত এটা কণীৰ বগা অংশ ভালদৰে মিহলাই লওক। এতিয়া এই পেষ্টটো মূৰৰ ছালৰ লগতে গোটেই চুলিত লগাব। আধা ঘণ্টা ৰাখিব। তাৰ পিছত মৃদু চেম্পু এটাৰে চেম্পু কৰিব। সপ্তাহত এদিন লগালে ভাল।

কেৱল মেথি গুটিয়েই চুলি ঘণ কৰিবলৈ যথেষ্ট

পেক বনাবলৈ বা মেথিৰে তেল বনাবলৈ সময় নাই ? তেনেহলে কেৱল মেথি ব্যৱহাৰ কৰক। এই পেকে চুলি সৰা ৰোধ কৰে আৰু চুলি গজাত সহায় কৰি চুলি ঘন কৰে।

সামগ্ৰীসমূহ:

আধা কাপ মেথি গুটি

পদ্ধতি:

মেথিৰ গুটিবোৰ ৰাতিটো পানীত তিয়াই থব। তাৰ পিছত ৰাতিপুৱা পেষ্ট বনাই লব। এতিয়া এই পেষ্টটো মূৰৰ ছালত লগাব। আধা ঘণ্টাৰ অলপ বেছি সময় ৰাখিব। তাৰ পিছত মৃদু চেম্পু এটাৰে চেম্পু কৰিব। সপ্তাহত দুবাৰ লগাব পাৰিলে ভাল। কিন্তু যদি সময় নাই তেন্তে এবাৰ লগালেও কাম কৰিব।

উফি কমাবলৈ মেথি গুটি

চুলিৰ অন্যান্য সমস্যা সমাধান কৰাৰ লগতে মেথি গুটিয়ে উফিৰ দৰে বিৰক্তিকৰ সমস্যাৰ এক সুন্দৰ সমাধানো দিয়ে।

সামগ্ৰীসমূহ:

মেথিৰ গুটি ৪ৰ পৰা ৫ চামুচ 

৪ চামুচ দৈ

পদ্ধতি:

মেথি গুটিবোৰ ৰাতিটো তিয়াই থব। পিছদিনা ৰাতিপুৱা কোমল হ’লে মেথি গুটিৰ পেষ্ট বনাই লব। এতিয়া তাত দৈ মিহলাই লব। এটা ভাল পেষ্ট বনাই মূৰৰ ছালত লগাই ২০ৰ পৰা ২৫ মিনিট ৰাখিব। তাৰ পিছত মৃদু চেম্পু এটাৰে চেম্পু কৰিব। যদি আপোনাৰ বহুত উফিৰ সমস্যা আছে তেন্তে সপ্তাহত তিনিদিন ব্যৱহাৰ কৰক। তেতিয়া আপুনি সোনকালে সুফল পাব।

তেলীয়া চুলিৰ সমাধান

মূৰৰ ছালখন বেছি তেলীয়া নেকি? তেন্তে মেথি আৰু আপেল ভিনেগাৰ ব্যৱহাৰ কৰি ইয়াৰ পৰা মুক্তি পাওক।

সামগ্ৰীসমূহ:

২ চামুচ মেথি গুটি 

২ চামুচ আপেল চাইডাৰ ভিনেগাৰ

পদ্ধতি:

মেথিৰ গুটি আগনিশা তিয়াই থব। চুলি বেছি হ’লে উপাদানৰ পৰিমাণ বৃদ্ধি কৰিব। পিছদিনা ৰাতিপুৱা মেথিৰ পেষ্ট এটা বনাই লব। এই পেষ্টত আপেল চাইডাৰ ভিনেগাৰ মিহলাই লব। এতিয়া এই পেষ্টটো গোটেই চুলিত ভালদৰে লগাই ১৫ৰ পৰা ২০ মিনিট ৰাখি চেম্পু কৰি লব। মাইল্ড চেম্পু ভাল কাৰণ বেছি ক্ৰীমযুক্ত চেম্পুৱে মূৰৰ ছালখন অধিক তেলীয়া কৰি তুলিব পাৰে।

আজিৰে পৰা আৰম্ভ কৰক। বেছিকৈ ব্যৱহাৰ নকৰিব, এমাহৰ পিছত চুলিত পাৰ্থক্য দেখা পাব।

আলুৰ সৈতে মুৰ্গীৰ মাংসৰ জোল

 

মুৰ্গীৰ মাংসৰ জোল, Chicken Curry

                                                                                            আলুৰ সৈতে মুৰ্গীৰ মাংসৰ জোল


উপকৰণঃ

  • ৫০০ গ্ৰাম মুৰ্গীৰ মাংস/চিকেন
  • ২ চা চামুচ পিচা আদা নহৰু
  • আধা কাপ দৈ
  • ২ টা ডাঙৰ আলু, টুকুৰা কৰা
  • ৩ টেবুল চামুচ তেল
  • ২ টা তেজপাত
  • ২ টা শুকান জলকীয়া
  • এটা ডাঙৰ পিঁয়াজ, কুটা
  • একাপ পিচা পিঁয়াজ 
  • ১ চা চামুচ জিৰা গুড়ি
  • ১ চা চামুচ হালধি গুড়ি
  • ১ চা চামুচ ধনিয়া গুড়ি
  • আধা চা চামুচ ৰঙা জলকীয়া গুড়ি
  • ১ চা চামুচ কাশ্মীৰী জলকীয়া গুড়ি
  • আধা চা চামুচ গৰম মচলা গুড়ি
  • সোৱাদ অনুসৰি নিমখ


প্ৰণালীঃ

প্ৰথমতে মুৰ্গীৰ মাংসখিনিত ১ চা চামুচ পিচা আদা নহৰু, নিমখ, আধা চা চামুচ জিৰা গুড়ি, আধা চা চামুচ হালধি গুড়ি, আধা চা চামুচ ৰঙা জলকীয়া গুড়ি, আধা কাপ দৈৰ সৈতে ৩০ মিনিটৰ বাবে মেৰিনেট কৰি ৰাখক। এতিয়া কেৰাহীত  তেল গৰম কৰক আৰু তেজপাত, শুকান জলকীয়া, কুটা পিয়াজখিনি দি সোণালী ৰং হোৱালৈকে ভাজক। ১ চা চামুচ পিচা আদা-নহৰু আৰু একাপ পিচা পিঁয়াজ দি ৫ মিনিটৰ বাবে ভাজক। ১ চা চামুচ ধনিয়া গুড়ি, আধা  চা চামুচ জিৰা গুড়ি, আধা চা চামুচ হালধি গুড়ি, ১ চা চামুচ কাশ্মীৰী ৰঙা জলকীয়া গুড়ি দিয়ক আৰু মচলাৰ পৰা তেল পৃথক হোৱালৈকে ভাজক। এতিয়া মেৰিনেট কৰি ৰখা মুৰ্গীৰ মাংসখিনি দিয়ক আৰু অলপ সময় ভালদৰে ভাজক । আলুৰ টুকুৰাবোৰ দিয়ক আৰু ছয়ৰ পৰা দহ মিনিটৰ বাবে  ভাজক। এতিয়া দুগিলাছ পানী দি লৰাই ঢাকোন মাৰি সিজিবলৈ দিব । মাংস আৰু আলু ভালকৈ সিজিলে আধা চা চামুচ গৰম মচলা গুড়ি দি লৰাই জুইৰ পৰা কেৰাহীখন নমাই থব ।

এই ৰেচিপিটো গৰম ভাত বা ৰুটিৰ সৈতে পৰিৱেশন কৰক।



তেল পিঠা

 

tel pitha
                                                                  তেল পিঠা

                                                                   

তেল পিঠা হৈছে অসমীয়া উৎসৱ বহাগ বিহু আৰু মাঘ বিহু বা ভোগালী বিহুত প্ৰস্তুত কৰা অসমৰ এক বিখ্যাত পৰম্পৰাগত পিঠা। ই হৈছে অসমীয়া বিহু থালিৰ এটা অপৰিহাৰ্য অংশ। তেল পিঠা নিয়মীয়া ঘৰুৱা জলপান হিচাপেও প্ৰস্তুত কৰা হয় আৰু চাহৰ সৈতে পৰিৱেশন কৰা হয়। অতি কম উপাদানেৰে অতি সহজে ইয়াক প্ৰস্তুত কৰিব পাৰি ।

উপকৰণ ঃ

  • চাউলৰ গুড়ি - ২ কাপ 
  • ময়দা - ২ চামুচ 
  • নিমখ - চা চামুচৰ চাৰি ভাগৰ এভাগ
  • বেকিং চডা - চা চামুচৰ চাৰি ভাগৰ এভাগ
  • চফ - ১ চা চামুচ 
  • গুড়(গলাই লোৱা) - আধা কাপ 
  • পানী -পৰিমাণ অনুসৰি
  • তেল(ভাজিবলৈ) - ২ কাপ 

প্ৰণালী ঃ

ডাঙৰ বাতি এটাত সকলো উপাদান একেলগে ভালদৰে মিহলি কৰক আৰু অলপ ডাঠ মিশ্ৰণ এটা বনাওক। এটা কেৰাহী লওঁক আৰু তেল গৰম হবলৈ দিয়ক। এখন ঘূৰণীয়া চামুচ লওঁক আৰু তেলত বনাই ৰখা মিশ্ৰণ দিয়ক আৰু দুয়োফালৰ পৰা ৰঙচুৱা হোৱালৈ  ভালদৰে ভাজক। চাহৰ সৈতে পৰিৱেশন কৰক।





Vegetable Name in Assamese

Vegetables

Here is a list of leafy and non-leafy vegetables used in Assamese cuisine along with their English names.

                 Assamese name - English name

  1. ওলকবি (Oolkobi) - Kohlrabi 
  2. ভাত কেৰেলা (Bhat kerela) - Teasel gourd 
  3. তিতা কেৰেলা (Tita kerela) - Bitter gourd 
  4. কোমোৰা (Kumura) - Ash gourd 
  5. ভোল (Bhul) - Sponge gourd 
  6. ধুন্দুলী (Dhunduli) - Snake gourd 
  7. জিকা (Zika) - Ridge gourd 
  8. কুন্দুলী (Kunduli) - Ivy gourd 
  9. জাতিলাওঁ বা পানীলাওঁ (Jatilao) - Bottle gourd 
  10. স্কচ্ (Squash) - Chayote squash 
  11. পটল (Potol) - Pointed gourd 
  12. কাঠ আলু (Kath aloo) - Yam
  13. ব্ৰক্ষ্মী শাক (Brahmi xaak) - Bacopa monmieri
  14. পালেং শাক (Paleng xaak)- Spinach
  15. লাই শাক (Lai xaak)- Mustard green 
  16. ঢেকীয়া (Dhekia) - Fiddlehead ferns 
  17. লফা শাক (Lofa xaak) - Chinese mellow  
  18. চুকা শাক (Suka xaak) - Spinach dock
  19. মচন্দৰি (Mosondori) - Heart leaf 
  20. ভেদাইলতা (Bhedai lota) - Skunk vine 
  21. মান ধনিয়া (Maan-dhania) - Long coriander
  22. খুতুৰা (Khutura) - Green amaranth 
  23. পূৰ্ণনভা শাক (Purnonova xaak) - Dichondra 
  24. সৰিয়হ শাক (Horiyoh xaak) -  Mustard plant 
  25. মিথি শাক (Meethi xaak) - Fenugreek greens
  26. কলমৌ (Kolmou) - Water spinach 
  27. জিলমিল (Zilmil) - White goosefoot 
  28. মৰিচা (Moricha) - Amaranth 
  29. দোৰোণ শাক (Doroon xaak) -  Lucas aspera
  30. মধুসোলেং (Modhuxulung) -  Polygonum microcephalum
  31. পিৰালী পালেং (Pirali palang) - Ceylon Spinach, Water leaf
  32. পনৌনৱা (Ponounova) - tar vine
  33. শুকলতি (Xukloti) - Patchouli 
  34. দূপৰ টেঙা (Dupor Tenga) - .Kalanchoe pinnata
  35. হেলচি শাক (Helosi ) - Buffalo spinach, Helancha
  36. ভেকুৰী (Bhekuri) - Indian nightshade 
  37. টেঙেচি (Tangasi) - Oxalis corniculata
  38. টেঙামৰা (Tengamora) - Roselle 
  39. চেংমৰা (Chengmora) - Lasia Spinosa 
  40. নল টেঙা (Nol-tenga) - Indian chestnut vine 
  41. নৰসিংহ (Noroxingho) - Curry leaf
  42. বাবৰি শাক (Babori xaak) - Crown daisy 
  43. বৰ-মানিমুনি (Bor-manimuni) - Asiatic pennywort 
  44. চজিনা (Sojina) - Drumstick 
  45. পচলা (Posola) - Banana shoots 
  46. কলডিল (Koldil) - Banana flower 
  47. কচু (Kosu) - Taro / colocasia 
  48. বাহঁগাজ (Bahgaj) - Bamboo shoots 
  49. বেতগাজ (Betgaj) - Rattan shoots 
  50. কণ বিলাহী (Kon bilahi) - Cheery tomato

Assamese Fruits Names in English

         
fruits

             Here is a list of fruits found in Assam with their English names.

      Assamese Name - English Name

  • আম (Aam) - Mango (Scientific name : Mangifera indica )
  • আপেল (Aapel) - Apple (Scientific name : Malus domestica )
  • কমলা (Komola) - Orange (Scientific name : Citrus X sinensis )
  • কল (Kol) - Banana (Scientific name : Musa acuminate )
  • কঠাল ( Kothal) - Jackfruit (Scientific name : Artocarpus heterophyllus)
  • নাৰিকল ( Narikol ) -  Coconut (Scientific name : Cocos nucifera)
  • অমিতা (Omita) - Papaya (Scientific name : Carica papaya)
  • লিচু (Lichu) - Lychee (Scientific name : Litchi chinensis)
  • তৰবুজ (Torbuj) - Watermelon (Scientific name : Citrullus lanatus)
  • মাটিকঠাল (Matikothal) - Pineapple (Scientific name : Ananas comosus)
  • মধুৰীআম (Modhuriaam) - Guava (Scientific name :  Psidium guajava )
  • ডালিম (Dalim) - Pomegranate (Scientific name : Punica granatum)
  • ৰবাব টেঙা (Robab Tenga) - Pomelo (Scientific name : Citrus Maxima)
  • কুঁহীয়াৰ (Kuhiyar) - Sugarcane (Scientific name : Saccharum officinarum)
  • আমলখি (Aamlokhi) - Indian Gooseberry (Scientific name : Phyllanthus emblica)
  • লেতেকু (Lataku) - Baccurea (Scientific name : Baccurea sapida)
  • বগৰী (Bogori) - Jujube ( Scientific name :  Zizyphus jujuba)
  • বেল (Bel) - Wood Apple (Scientific name : Aegle marmelos)
  • কৰদৈ (Kordoi) - Starfruit (Scientific name : Averrhoa carambola)
  •  মৌচুমি টেঙা (Mouchumi tenga) -  Sweet Lime (Scientific name : Citrus limetta)
  • নাচপতি ( Naspoti) - Pear (Scientific name :  Pyrus)
  • নেমু (Nemu) -  Lemon (Scientific name :
  • গোল নেমু ( Gol nemu) - Lime (Scientific name :
  • জাম ( Jaam) - Malabar Plum, Java Plum or Black Plum (Scientific name : Syzygium                            cumini)
  • আঙুৰ ( Angur) - Grape ( Scientific name : Vitis vinifera )
  • ডিমৰু ( Dimoru) - Fig ( Scientific name : Ficus carica )
  • খেজুৰ ( Khejur) - Dates ( Scientific name : Phoenix dactylifera ) 
  • জলফাই ( Jalphai) - Olive ( Scientific name : Olea europaea )

কাঠবাদাম ৰাতিটো তিয়াই বাকলি এৰুৱাই খোৱাটো কিয় গুৰুত্বপূৰ্ণ ?

 


বহুতো ব্যক্তিয়ে খোৱাৰ আগতে বাদাম, বিশেষকৈ কাঠবাদাম তিয়াই ৰাখে। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে কিয়? কাৰণ কাঠবাদামৰ দৰে বাদাম শৰীৰৰ বাবে হজম কৰাতো কঠিন হ'ব পাৰে, আৰু সেইবাবে খোৱাৰ আগতে তিয়াই ৰাখিব লাগে।

কাঠবাদামৰ গুণগুণ

কাঠবাদাম নৰা বগৰী ফলৰ পৰিয়ালৰ সৈতে জৰিত। কাঠবাদাম সম্ভৱতঃ আটাইতকৈ পুষ্টিকৰ বাদামৰ ভিতৰত এটা। ইয়াত  মনোআনচেচুৰেটেড চৰ্বি থাকে যি এলডিএল কলেষ্ট্ৰল('বেয়া'' কলেষ্ট্ৰল) হ্ৰাস কৰে বুলি জনা যায় । কাঠবাদাম হৈছে এক প্ৰ'টিন উৎস যি ৰক্ত শৰ্কৰা, নিম্ন ৰক্তচাপ, আৰু লগতে এণ্টিঅক্সিডেণ্ট গুণাগুণৰ এক সমৃদ্ধ উৎসৰ সন্তুলন তৈয়াৰ কৰাত সহায় কৰে। কাঠবাদাম প্ৰ'টিন, আঁহ, ভিটামিন ই, অমেগা-3, অমেগা-6, মেগনেছিয়াম, কেলচিয়াম, লো, পটাছিয়াম আৰু জিংক আদিৰ ও এক ভাল উৎস।

কাঠবাদামে স্মৃতি শক্তি বৃদ্ধি কৰাৰ উপৰিও মাংসপেশী সবল আৰু শক্তিশালী কৰাত সহায় কৰে।

এইকাৰণেই আপুনি আপোনাৰ ৰাতিপুৱাটো কাঠবাদামেৰে আৰম্ভ কৰা উচিত।

এজনলোকে কিমান সংখ্যক কাঠবাদাম খোৱা উচিত ?

প্ৰতিদিনে ৫-১০ টা কাঠবাদাম ৰাতিটো তিয়াই ৰাখি বাকলি এৰুৱাই খাব পাৰে ।

কাঠবাদাম কেনেদৰে খাব ?

কাঠবাদাম হালোৱা, পায়স, ওটচ্ আদিত দি খাব পাৰি । তাৰোপৰি ইয়াক প্ৰায় যিকোনো ব্যঞ্জনত যোগ দিব পাৰে। কিন্তু ৰাতিপুৱা ৰাতিপুৱাৰ আহাৰৰ সৈতে কাঠবাদাম খোৱাটো সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয়।

জালুকে ওমাইক্ৰন প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰেনে ?



জালুক হৈছে বিশ্বব্যাপী আটাইতকৈ বেছি ব্যৱসায় কৰা মচলাবোৰৰ ভিতৰত এটা আৰু সোৱাদ বঢ়াবলৈ বিভিন্ন ৰন্ধনপ্ৰণালীত ইয়াক ব্যৱহাৰ কৰা হয়।

এই ধৰণৰ ৰোগ সহজে সমগ্ৰ দেশতে বিয়পে। তদুপৰি, এই শীতকালৰ আগমনৰ লগে লগে ৰোগ প্ৰতিৰোধ ক্ষমতাও দুৰ্বল হয়।কোভিড-19 সংক্ৰমণৰ উদ্বেগজনক হাৰৰ মাজত, আপোনাৰ, আপোনাৰ প্ৰিয়জনৰ যত্ন লোৱা আৰু স্বাস্থ্যৱান হৈ থকাটো গুৰুত্বপূৰ্ণ। শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়াৰ বাবে নিয়মীয়া শাৰীৰিক ব্যায়ামৰ সৈতে এক স্বাস্থ্যকৰ সন্তুলিত আহাৰ গুৰুত্বপূৰ্ণ।

জালুকৰ উপকাৰিতা

জালুক পুষ্টিৰে পৰিপূৰ্ণ - ইয়াক সাধাৰণতে আয়ুৰ্বেদত প্ৰাধান্য দিয়া হয়। এই মচলাবিধ ইয়াৰ এণ্টিঅক্সিডেণ্ট, এণ্টিমাইক্ৰোবাইল আৰু এণ্টি-ইনফ্লেমেটৰী গুণাগুণৰ বাবে যথেষ্ট মূল্যৱান। ছালৰ ৰোগ, আৰ্থ্ৰাইটিছ, কলেষ্টেৰল আৰু ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰা আৰু স্মৃতি শক্তি উন্নত কৰাৰ দৰে বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাত ক'লা জালুক উপযোগী।

মহামাৰীৰ সময়ত জালুক দীৰ্ঘদিন ধৰি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ এক পছন্দৰ উৎস। কাড়া তৈয়াৰ কৰিবলৈ অন্যান্য আয়ুৰ্বেদিক উপাদান যেনে লং, জিৰা, ডালচেনি আৰু ইলাচীৰ সৈতে জালুক ব্যৱহাৰ কৰা হয়।

মহামাৰীৰ শেষৰ দুটা ঢৌত জালুকৰ উপকাৰিতা স্পষ্ট হৈ পৰিছে।

জালুক কেনেদৰে খাব ?

জালুক গোটা বা গুড়ি কৰি খাব পাৰি।  ইয়াক তৰকাৰী, চালাড, চুপ, চাহ আৰু আন বহুতো ব্যঞ্জনত দিব পাৰি। জালুক মিঠাইতো ব্যৱহাৰ কৰিব পৰা যায়।

মহামাৰীৰ সময়ত আপোনাৰ নিয়মীয়া আহাৰত জালুক ব্যৱহাৰ কৰাতো স্বাস্থ্যৱান শৰীৰ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বজায় ৰখাৰ বাবে অতি জৰুৰী।

নৰসিংহ পাতৰ সৈতে কুকুৰাৰ মাংস


নৰসিংহ পাতৰ সৈতে কুকুৰাৰ মাংস
নৰসিংহ পাতৰ সৈতে কুকুৰাৰ মাংস


উপকৰণ

  • কুকুৰাৰ মাংস- ৩০০ গ্ৰাম
  • ১ টা ডাঙৰ আলু
  • ১ কাপ নৰসিংহৰ পাত বটা
  • ৩ চাহ চামুচ সৰিয়হ তেল
  • ২ টা কুটা পিয়াঁজ
  • ২ চাহ চামুচ আদা-নহৰু বটা
  • নিমখ সোৱাদ অনুসৰি 
  • ১/২ চাহ চামুচ হালধি গুড়ি
  • ১/২ চাহ চামুচ জিৰা গুড়ি
  • ৩ টা  কেঁচা জলকীয়া
  • এচিকুট চেনি
প্ৰস্তুত প্ৰণালী

এটা কেৰাহীত সৰিয়হ তেল গৰম হব দিয়ক। তেলত এচিকুট চেনি আৰু সৰু সৰুকৈ কাটি থোৱা পিয়াজখিনি সামান্য ভাজক। আদা-নহৰু বটাখিনি দি একেলগে ৰঙচুৱা হোৱালৈকে অলপ ভাজক।১/২ চাহ চামুচ হালধি গুড়ি আৰু ১/২ চাহ চামুচ জিৰা গুড়ি দিয়ক। এতিয়া কুকুৰাৰ মাংস আৰু কাটি থোৱা আলুখিনি দি মধ্যমীয়া জুইত ৫ মিনিট ভাজি নিমখ দি আকৌ ৫ মিনিটমান ভাজক। কেঁচা জলকীয়া দি ঢাকোন মাৰি কম জুইত ভাজক। মাংস আৰু আলু সিজিলে ১ কাপ নৰসিংহৰ পাত বটা দি ভালদৰে লৰাই ভাজক। এতিয়া অলপ পানী দি উতলিবলৈ দিয়ক। অলপ সময় উতলাৰ পাছত গৰমে গৰমে পৰিৱেশন কৰক।